Daily Time Axom

একেলগে আত্মহত্যা কৰিছিলে দুয়ো, মৃত্যুৰ পাছত আত্মীয়ই মূৰ্তি সাজি বিয়া পাতি দিলে দুয়োক

0 45

এয়া আন এক প্ৰেম কাহিনী।

জীয়াই থাকোতে ইচ্ছা পূৰণ নহ’ল, অৱশেষত মৃত্যুৰ পিছত ইচ্ছা পূৰণ কৰিলে আত্মীয়ই।

২০২২ চনৰ আগষ্ট মাহত গুজৰাটৰ টাপি গাঁৱত একেলগে আত্মহত্যা কৰিছিল গণেশ আৰু ৰঞ্জনাই। আত্মহত্যাৰ কাৰণ? পৰিয়ালৰ লোকে তেওঁলোকৰ সম্পৰ্কক মানি লোৱা নাছিল। ইজনে সিজনক বহুত ভাল পাইছিল। বিয়া হ’ব বিচাৰিছিল কিন্তু পৰিয়ালটোৱে এই বিয়াত সন্মতি নিদিলে। সেয়েহে দুয়ো একেলগে আত্মহত্যা কৰিলে। ওলমি থকা অৱস্থাত সদস্যসকলে উদ্ধাৰ কৰে মৃতদেহ। এই মৃত্যুৱে গাঁওখনত শোকৰ ছাঁ পেলাই দিছিল।

মৃত্যুৰ ছমাহৰ পাছত আত্মীয়ই দুয়োৰে সপোন পূৰণৰ দায়িত্ব ল’লে। দুয়োৰে মূৰ্তি সাজি ধুমধামেৰে বিবাহ অনুষ্ঠানৰ আয়োজন কৰিলে। সকলো ৰীতি-নীতি অনুসৰি তেওঁলোকৰ বিবাহ সম্পূৰ্ণ হয়। ৰঞ্জনাৰ দাদা ভীমসিং পদবীয়ে কয় যে দুয়ো পৰিয়ালৰ বেয়া সম্পৰ্ক বাবেই দুয়োৰে সম্পৰ্কক মানি লোৱা নাছিল। কিন্তু সিহঁতে ইজনে সিজনক বহুত ভাল পাইছিল। গতিকে তেওঁলোকৰ মৃত্যুৰ পিছত আত্মীয়ই আত্মাৰ শান্তিৰ বাবে এনেদৰে বিয়া পাতি দিয়াৰ সিদ্ধান্ত ল’য়।

Leave A Reply

Your email address will not be published.