Daily Time Axom

ডাবল শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন শুবমন গিল

0 43

বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত দ্বৈত শতক অৰ্জন কৰি ভাৰতীয় বেটছমেন শুবমন গিলে ইতিহাস ৰচনা কৰে।

গিল হৈছে ডাবল শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে পৰিগণিত হৈছে।

হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ১৯টা চাৰি আৰু ৯টা ছয়ৰ সহায়ত মাত্ৰ ১৪৯টা বলত ২০৮ ৰান সংগ্ৰহ কৰে তেওঁ।
নিউজিলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত ইনিংছ খেলা গিলক এতিয়া ‘ছুপাৰমেন গিল’ বুলিও কোৱা হৈছে বহুতে। শুবমন গিলে নিজৰ ইনিংছৰ সময়ছোৱাত বহু অভিলেখ গঢ়িছিল। তেওঁ এদিনীয়া ক্ৰিকেটত ১০০০ ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত ভাৰতীয় বেটছমেন আৰু ডাবল শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে পৰিগণিত হৈছে। নিউজিলেণ্ডৰ বিৰুদ্ধে ব্যক্তিগত এদিনীয়াত সৰ্বোত্তম স্ক’ৰ কৰাৰ অভিলেখো আছে গিলৰ।

Leave A Reply

Your email address will not be published.