Daily Time Axom

নোটৰ বাণ্ডিললৈ বিধানসভাত উপস্থিত হ’ল আপৰ বিধায়ক

0 33


দিল্লী বিধানসভাত নোটৰ বাণ্ডিল দেখুৱাই আপৰ বিধায়ক মহিন্দৰ গোৱালৰ মন্তব্য।

বুধবাৰে দিল্লী বিধানসভাত আম আদমী পাৰ্টিৰ বিধায়কে নোটৰ বাণ্ডিল জোকাৰি গৰজি উঠিল। ৰিথালাৰ পৰা আপৰ বিধায়ক মহিন্দৰ গোৱালে নোটৰ বাণ্ডিল জোকাৰি জোকাৰি কয় যে মোক ক্ৰয় কৰাৰ চেষ্টা কৰা হৈছে। দিল্লীৰ আম্বেদকাৰ চিকিৎসালয়ত মাফিয়াই ধন লৈ চাকৰি দি থকাৰ অভিযোগ কৰিলে গোৱেলে। মনে মনে থাকিবলৈ মোক উৎকোচ দিয়াৰ চেষ্টা কৰা হৈছে। গোৱালে কয় যে তেওঁ এল জি ভি কে ছাক্সেনাৰ সৈতেও এই বিষয়টো উত্থাপন কৰিছে।

বেগত ১৫ লাখ টকাৰ নোটৰ বাণ্ডিল লৈ গোৱাল বিধানসভাত উপস্থিত হয়।

ভাষণৰ সময়ত বেগৰ পৰা নোটবোৰ উলিয়াই টেবুলত ৰাখে। পাছত হাতত নোটৰ বাণ্ডিল লৈ তেওঁ কয় যে, ‘এয়া টোকেন মানি, যিটো মোক ঘোচ হিচাপে দিয়া হৈছে। লগতে মুখ্য সচিব আৰু এল জিক টকাৰ বিনিময়ত চাকৰি দিয়াৰ বিষয়টোও উত্থাপন কৰিলোঁ। মই তেওঁক এখন চিঠি দিছো। মই মোৰ জীৱনকো তুচ্ছ কৰি এই কামটো কৰিছো । সেই মানুহবোৰ ইমানেই আধিপত্যশীল যে মোৰো ভুল হ’ব পাৰে। মোক টকা দিয়া হৈছিল মোৰ মাত বন্ধ ৰাখিবলৈ।

Leave A Reply

Your email address will not be published.