Daily Time Axom

ভৰ্তি ষ্টেডিয়ামত তালিবানে কাটিলে ৪ জন লোকৰ হাত

0 44

ভুক্তভোগীৰ বিৰুদ্ধে চুৰিৰ অভিযোগ, অবৈধ সম্পৰ্ক থকাসকলক দিলে চাবুকৰ কোব।

আফগানিস্তানত মঙলবাৰে ফুটবল ষ্টেডিয়ামত বিপুল জনসমাগমৰ সন্মুখত তালিবানে চাৰিজন লোকৰ হাত কাটি শাস্তি দিয়ে । আটাইকেইজনৰ বিৰুদ্ধে চুৰিৰ অভিযোগ।

ইয়াৰ উপৰিও ষ্টেডিয়ামত অবৈধ সম্পৰ্ক ৰখাৰ অভিযোগত অভিযুক্ত পাঁচজন যুৱককো ৩৫-৩৯ বাৰকৈ চাবুকৰ কোব দিয়ে বুলি ৰাজ্যপালৰ কাৰ্যালয়ৰ মুখপাত্ৰ হাজী জাইদে প্ৰকাশ কৰিছে ।

কান্দাহাৰৰ আহমেদ শ্বাহী ষ্টেডিয়ামত সংঘটিত হৈছে এই ঘটনা।

শাস্তি প্ৰদানৰ সময়ত ষ্টেডিয়ামত উপস্থিত আছিল তালিবানৰ বিষয়া, ধৰ্মীয় ধৰ্মগুৰু, বয়োজ্যেষ্ঠ আৰু স্থানীয় লোক।

মানৱ অধিকাৰৰ সমৰ্থক তথা আফগান পুনৰ্বাসন আৰু শৰণাৰ্থী মন্ত্ৰীৰ প্ৰাক্তন নীতি উপদেষ্টা শ্ববনাম নাছিমিয়ে এই কাণ্ডৰ এখন ছবি শ্বেয়াৰ কৰে। দেখা যায় যে ঘাঁহনিত বহি শাস্তি পাবলৈ ৯ জন লোকে অপেক্ষা কৰি আছে।

‘ইতিহাস পুনৰাবৃত্তি’।
আফগান সাংবাদিক ট্জুডেন ছ’ৰৌছেও ষ্টেডিয়ামৰ বাহিৰৰ দৃশ্যৰ এখন ছবি টুইটাৰত শ্বেয়াৰ কৰি কয় যে – ইতিহাসে পুনৰাবৃত্তি কৰি আছে। নব্বৈৰ দশকৰ দৰেই তালিবানে ৰাজহুৱা ফাঁচী চলাবলৈ আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.