হাৰিকেন ক্লাৱৰ জয়লাভ ৷
ৰঙিয়াত জিলা ক্ৰিড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ অহা অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ যোৱা ২৫ ডিচেম্বৰ পৰা অনুষ্ঠিত হোৱা টুৰ্ণামেণ্টখনৰ চূড়ান্ত খেলখনৰ আজি সামৰণি পৰে ৷
আজি অনুষ্ঠিত চুৰান্ত খেলখনত অংশগ্ৰহন কৰে হাৰিকেন ক্লাব বাইহাটা চাৰিআলি বনাম বালিসত্ৰ আঞ্চলিক ক্ৰিয়া সন্থাই ৷
বালিসত্ৰ আঞ্চলিক ক্ৰিয়া সন্থা টচত জয়ী হৈ বেটিং কৰি ১২৮ লক্ষ্য বান্ধি দিয়ে হাৰিকেন ক্লাব বাইহাটা চাৰিআলিক ৷
হাৰিৰেন ক্লাবে ৮ উইকেটৰ বিনিময়ত ১২৯ ৰানৰ কৰি জয়লাভ কৰিবলৈ সক্ষম হয় ৷
ৰঙিয়া জিলা ক্ৰিয়া সন্থাৰ সম্পাদক মুকুটানন্দ ভট্টাচাৰ্য সমূহ খেলুৱৈক ধন্যবাদ জনোৱাৰ লগতে অসম ক্ৰিকেট সন্থাকো ধন্যবাদ জনায় ৷
সম্পাদকগৰাকীয়ে আগন্তক দিনত ৰঙিয়া অঞ্চলৰ পৰা ভাল খেলুৱৈ ৰাজ্যিক তথা আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱাৰ কামনা কৰিছে ৷