Daily Time Axom

আজিৰ পৰা ৰাজ্যজুৰি আৰম্ভ গুণোৎসৱ ২০২৩, তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ

40

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ আজিৰে পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। আনহাতে তৃতীয় পৰ্যায় ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব।

চাৰিখন জিলা কৰ্তন হোৱাৰ পিছত এইবাৰ ৩১খন জিলাত হ’ব গুণোৎসৱ। মুঠ ৮৮,৫২৫খন বিদ্যালয়ত ৪২,৭৬,৮৮১গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হ’ব গুণোৎসৱত। গুণোৎসৱৰ লগত জড়িত হ’ব ১৮ হাজাৰ ৯৭ গৰাকী শিক্ষক।

আজিৰ পৰা প্ৰথম পৰ্যায়ত বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰি জিলাত অনুষ্ঠিত হ’ব।

Comments are closed, but trackbacks and pingbacks are open.