ৰাজ্যত পুনৰ মৰেল পুলিচগিৰী, চাপৰত মৰিয়াই মৰিয়াই হত্যা এজনক

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ চাপৰৰ কৃষ্ণকলি চাহ বাগিচাত ভয়ংকৰ ঘটনা। উত্তেজিত ৰাইজে মৰিয়াই মৰিয়াই হত্যা কৰে এজনক। টুকৰাফৰেষ্ট গাঁৱত ৰাইজৰ প্ৰহাৰত নিহত হানিফ আলী। এগৰাকী মহিলাৰ ঘৰত যুৱকজনৰ প্ৰৱেশক লৈ ক্ষুব্ধ ৰাইজ। হাত-ভৰি বান্ধি হানিফক ওৰে নিশা প্ৰহাৰ উত্তেজিত ৰাইজৰ।

চাপৰ আৰক্ষীয়ে ঘটনাস্হলীত উপস্থিত হৈ হানীফ আলীক উদ্ধাৰ কৰি চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও অৱস্থা সংকট জনক হোৱা হেতুকে চিকিৎসকে বঙাইগাঁওলৈ প্ৰেৰণ কৰে। অৱস্থাৰ অধিক অবনতি ঘটাত গুৱাহাটীলৈ প্ৰেৰণ কৰে যদিও আদবাটতে মৃত্যু হয়।

ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে এজনক আটক আৰক্ষীৰ। ঘটনাৰ পাছতেই অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

AssamAssamese NewsChaporChapor PoliceDaily time axomIndiaMurderNorth East