নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ আজি ঘোষণা কৰা হ’ব উত্তৰ-পূবৰ ৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী। দিনৰ ২.৩০ বজাত আছে ভাৰতীয় নিৰ্বাচন আয়োগৰ সংবাদমেল। এই সংবাদমেলতে ঘোষণা কৰিব মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ দিন।
উল্লেখযোগ্য যে, ফেব্ৰুৱাৰীত অন্ত পৰিব মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ড বিধান সভাৰ ৫ বছৰীয়া কাৰ্যকাল।