Daily Time Axom

গোলকগঞ্জৰ কাচখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জাদবানন্দ অধিকাৰীৰ জন্ম জয়ন্তী উদযাপন

0 28


প্ৰত্যেক বছৰৰ দৰে এইবেলিও জাদবানন্দ অধিকাৰীৰ ২০ তম জন্ম জয়ন্তী উদযাপন কৰে । উল্লেখযোগ্য যে আজিৰ পৰা প্ৰায় ২০ বছৰৰ পৰা চলি আহিছে এই অনুষ্ঠান। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে জাদবানন্দ অধিকাৰী দেৱৰ নেতৃত্বত কেইবাখনো প্ৰতিষ্ঠান বেঙ্ক, স্কুল আলিবাট আদি নিৰ্মাণ কৰিছিল বুলি মন্তব্য আগবঢ়ায় ।যিকোনো এখন প্ৰতিষ্ঠান বা ঘাইপথটো জাদবানন্দ অধিকাৰীৰ নামত হ’ব লাগে বুলি অসম চৰকাৰক দাবী জনায়।আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে কাচখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাম,ঢেঁপঢেঁপি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মনিন্দ্ৰ নাথ ৰায়,প্ৰাক্তন উন্নয়ণ খণ্ডৰ বিষয়া,আদিকে ধৰি বিশিষ্ট শিক্ষাবিদ,জ্ঞানী গুণী ব্যক্তি সকল । আজি দিনৰ (১০) মান বজাত জাদবানন্দ অধিকাৰীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয়। পিছত ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ আকস্মিক বক্তৃতাৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি পিছত বিশিষ্ট অতিথিসকলে গুৰুত্ব পূৰ্ণ ভাষণ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.