Daily Time Axom

পুনৰ ত্ৰাণকৰ্তা সনু সোদ, বিমানবন্দৰত এজন অসুস্থ যাত্ৰীৰ জীৱন ৰক্ষা কৰিলে অভিনেতাজনে

0 40

পুনৰ ত্ৰাণকৰ্তা হিচাপে সনু সোদ। এইবাৰ বিমানবন্দৰত এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিলে অভিনেতাজনে। সেইটোও তেওঁৰ বুদ্ধিমত্তা আৰু দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ বাবে।

জানিব পৰা গৈছে যে সোণু ডুবাই বিমানবন্দৰৰ পৰা উভতি আহিছিল। তেতিয়াই এই ঘটনা সংঘটিত হয়। ইমিগ্ৰেচন ডেস্কত শাৰী পাতি থিয় হৈ আছিল সনু সোদ। হঠাৎ সি চিঞৰ এটা শুনিবলৈ পালে। কি হ’ল সোধা-পোছা কৰি অভিনেতাজনে দেখিলে যে এজন আদবয়সীয়া মানুহ মাটিত অচেতন হৈ পৰি আছে। দেখাৰ লগে লগে সনু সোদ দৌৰি গ’ল। ব্যক্তিজনৰ মূৰত কুশ্বন প্ৰদান কৰে। তাৰ পিছত চিপিআৰ দিবলৈ আৰম্ভ কৰিলে। চিপিআৰ দিয়াৰ কিছু সময়ৰ পিছতে লোকজনে চেতনা লাভ কৰে। তেতিয়ালৈকে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষী আৰু স্বাস্থ্যকৰ্মীসকল সেই স্থানত উপস্থিত হৈছিল। বাকী কামবোৰ তেওঁলোকে চম্ভালে।

Leave A Reply

Your email address will not be published.