Daily Time Axom

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰা ১৫ বছৰীয়া কিশোৰীক গুলীয়াই হত্যা

0 41

প্ৰেমৰ বিষয়ে স্পষ্ট নাছিল ছোৱালীজনী ।

সেই খঙতে ২২ বছৰীয়া যুৱক এজনে গুলীয়াই হত্যা কৰে !

উত্তৰ প্ৰদেশৰ বাদোহীত সংঘটিত হৈছে এই ঘটনা। বুধবাৰে ভগ্নীৰ সৈতে টিউচনৰ পৰা উভতি আহিছিল অনুৰাধা বিন্দ নামৰ ১৫ বছৰীয়া কিশোৰীগৰাকী। সেই সময়তে ভনীয়েকৰ সন্মুখতে অৰবিন্দ বিশ্বকৰ্মা নামৰ এজন যুৱক হত্যাকাৰীয়ে অনুৰাধাৰ কপাললৈ নিক্ষেপ কৰিছিল গুলী। লগে লগে অনুৰাধা মাটিত বাগৰি পৰে আৰু থিতাতে মৃত্যু হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি অনুৰাধাক প্ৰেমৰ প্ৰস্তাৱ দিছিল অৰবিন্দে। কিশোৰীক সি পোনপটীয়াকৈ কোৱা নাছিল। সি অনুৰাধাৰ প্ৰত্যাখ্যান সহ্য কৰিব নোৱাৰি হত্যা কৰাৰ পৰিকল্পনা কৰে। ঘটনাৰ পিছৰে পৰা পলাতক যুৱকজন। আৰক্ষীয়ে তেওঁক বিচাৰিবলৈ আৰম্ভ কৰিছে। ঘটনাৰ তদন্ত অব্যাহত আছে।

Leave A Reply

Your email address will not be published.