Daily Time Axom

আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ চাৰিটা বিভাগৰ অধীনত ৮২৮ যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ

0 31

একলাখ নিযুক্তি প্ৰদান প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ চাৰিটা বিভাগৰ অধীনত ৮২৮ যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ ৷ নিযুক্তিপ্ৰাপ্ত সকলৰ ভিতৰত স্বাস্থ্য বিভাগৰ ৫৪১ গৰাকী চিকিৎসক আৰু ৩৪ গৰাকী খাদ্য সুৰক্ষা বিষয়া, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত ২৩৬ গৰাকী চিকিৎসকৰ লগতে ভূমি সংৰক্ষণ বিভাগত ১৩ গৰাকী সহকাৰী ভূমি সংৰক্ষণ বিষয়া আৰু জল সম্পদ বিভাগত ৪ গৰাকী শাখা সহায়ক (তৃতীয় বৰ্গ) ।

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৱল নেতৃত্বত আজি নিযুক্তিপ্ৰাপ্তসকলকে ধৰি এতিয়ালৈকে মুঠ ৪০,৫০২গৰাকীক নিযুক্তি প্ৰদান কৰা হৈছে। আজিৰ দিনটোৱে স্বৰ্ণিল দিন ৰূপে স্বাক্ষৰ বহন কৰি যাৱঃস্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

আজিৰ অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম , অসম চৰকাৰৰ মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডাঃ সিদ্ধাৰ্থ সিং, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা, ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মনৰ লগতে স্বাস্থ্য বিভাগকে ধৰি চাৰিওটা বিভাগৰে কাৰ্যবাহী সকল উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.