শ্ৰীমন্ত শংকৰদেৱ সংঘ ,দৰং জিলা শাখাৰ অন্তৰ্গত বৰনদীঝাৰ প্ৰাথমিক শাখাৰ আজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰাথমিক শাখাৰ স্থায়ী নামঘৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিগত বৰ্ষৰ দৰে এইবেলিও আজি ৪ মাঘৰ দিনাখন দিনযোৰা বৰ্ণিল কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু আধ্যাত্মিক চক্ৰ অনুষ্ঠিত কৰা হয় ।
ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী । পতাকা উত্তোলন ,বৃক্ষৰোপন,স্থায়ী নামঘৰৰ আধাৰশিলা স্থাপন,আৰু শিৱসাগৰ সোনামুখৰ ভাগৱত পাঠক প্ৰানজিৎ গগৈৰ দ্বাৰা ভাগৱত পাঠ কৰা হয় । ভাগৱত পাঠৰ উদ্বোধন কৰে আন্তৰাষ্টীয় খ্যাতিসম্পন্ন কবি ড° আখতাৰুল ইছলাম হাজৰিকা দেৱে । সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰিব ডা:বাপন বসুমতাৰীয়ে ।