Daily Time Axom

ৰিজাৰ্ভ বেংকে পুনৰ বৃদ্ধি কৰিলে ৰেপো ৰেট

0 31

ভাৰতীয় ৰিজাৰ্ভ বেংকে পুনৰ বৃদ্ধি কৰিলে ৰেপো ৰেট।

বিত্তীয় মন্দাৱস্থা আৰু মূল্যবৃদ্ধিৰ লগত খোজ মিলাবলৈ এই সিদ্ধান্ত লোৱা হৈছে। এইবাৰ ৰেপো ৰেট ৩৫ বেছিছ পইণ্ট বৃদ্ধি কৰা হৈছে। ফলত ৰেপো ৰেট ৬.২৫ শতাংশলৈ বৃদ্ধি পালে। চলিত বৰ্ষৰ মে’ মাহৰ পিছত পঞ্চমবাৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট বৃদ্ধি কৰিছে। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিয়ে মুদ্ৰাস্ফীতিৰ দিশটো মনত ৰাখি ৰেপো ৰেট ৩৫ বেচিছ পইণ্ট বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফলত গাড়ী বা ঘৰুৱা ঋণৰ ইএমআই বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আন ঋণৰ ইএমআইও বৃদ্ধি পাব পাৰে।
ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত ৰেপ’ ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰা হৈছিল। ফলত বৃদ্ধিৰ হাৰ ৫.৯ শতাংশ। মে’ মাহত ৰেপ’ ৰেট ৪০ বেছিছ পইণ্ট বৃদ্ধি কৰা হৈছিল। পিছলৈ জুন মাহত পুনৰ ৫০ বেছিছ পইণ্ট বৃদ্ধি পালে। অৰ্থাৎ যোৱা কেইমাহমানৰ পৰা ৰেপ’ ৰেট ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। যাৰ বাবে ব্যৱসায়ীৰ পৰা ঋণ লোৱালৈকে সকলোৱে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।
ডেৰ-দুবছৰতকৈ অধিক সময় ধৰি ৰেপ’ ৰেট সলনি নোহোৱাৰ বাবে অৰ্থনীতিৰ ওপৰত যি মন্দাৱস্থাৰ ছাঁ পৰিছে, তাৰ বাবেই এনে হৈছে। অৱশ্যে যোৱা মে’ মাহৰ পৰা আৰ বি আইয়ে পুনৰ ৰেপ’ ৰেট বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। চলিত বৰ্ষৰ মে’ মাহৰ পিছত পঞ্চমবাৰৰ বাবে বৃদ্ধি পাইছে ৰেপ’ ৰেট।

Leave A Reply

Your email address will not be published.