Daily Time Axom

গুৰুতৰভাৱে অসুস্থ কবি নীলমণি ফুকন, GMCH লৈ স্থানান্তৰ কবি গৰাকীক

38

নিউজ ডেস্ক, ১৯ জানুৱাৰীঃ কবি নীলমণি ফুকন দেৱ বুধবাৰৰ বিয়লিৰে পৰা অসুস্থ হৈ পৰিছিল। প্ৰাৰম্ভিক অৱস্থাত তেখেতক ঘৰতেই চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সন্ধিয়া মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয়। সঞ্জীৱনী হাস্পতালত জিএমচিএইচৰ ৪ অভিজ্ঞ চিকিৎসকৰ নিৰীক্ষণত আছিল কবিগৰাকী। নিশাই মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত হয় কবিগৰাকীৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী মহন্তই।

গুৰুতৰভাৱে অসুস্থ কাব্যঋষি নীলমণি ফুকনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে। জ্ঞানপীঠ বঁটাৰে সন্মানিত কবিগৰাকীক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ লৈ যোৱা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.