নিউজ ডেস্ক, ১৯ জানুৱাৰীঃ কাব্যঋষি নীলমণি ফুকন আৰু নাই। শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল বৰ্ষীয়ান কবিগৰাকী। দিনৰ ১১.৫৫ বজাত কাব্যঋষি নীলমণি ফুকনৰ মহাপ্ৰয়াণ। GMCHৰ ভেণ্টিলেচনত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ। জনালে GMCHৰ অধ্যক্ষ অচ্যুৎ বৈশ্যই। মঙলবাৰৰ পৰা স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল কবিগৰাকীৰ।
‘গোলাপী জামুৰ লগ্ন’ৰ বিশিষ্ট কবি নীলমণি ফুকন আছিল অসমীয়া সাহিত্যৰ তৃতীয়গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। নিজৰ অনন্য সৃষ্টিৰাজিৰে অসমীয়া কবিতাক বিশ্ব দৰবাৰত কৰি তোলা বিশিষ্ট কবি নীলমণি ফুকনৰ অসমীয়া সাহিত্যলৈ অৰিহণা অপৰিসীম।
Comments are closed, but trackbacks and pingbacks are open.