নিউজ ডেস্ক, ১৯ জানুৱাৰীঃ বৃহস্পতিবাৰে পুৱতি নিশা মুম্বাই-গোৱা ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী ট্ৰাক আৰু আন এখন চাৰিচকীয়া বাহনৰে সংঘৰ্ষ। যাৰ ফলত ৫জন পুৰুষ, ৩গৰাকী মহিলাসহ এটি কণমানিয়ে সাৱটি লয় মৃত্যুক। গুৰুতৰভাৱে আহত আন এটি শিশু। মহাৰাষ্ট্ৰৰ ৰায়গড়ত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।
আহত শিশুটি বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।জানিব পৰা মতে দুৰ্ঘটনাটো পুৱা প্ৰায় ৫ বজাত সংঘটিত হয়। বাহনখন মুম্বাইৰ পৰা ৰত্নগিৰি অভিমুখে গৈ আছিল আৰু সকলো লোক আত্মীয় আছিল।
Comments are closed, but trackbacks and pingbacks are open.