অসম অৰুণাচল সিমান্তৰ চিজুছাত সপ্তম বাৰ্ষিকী পাকে পাগা হৰ্ণবিল উৎসবৰ সম্পন্ন

অসম অৰুণাচল সিমান্তবৰ্তী চিজুছাত যোৱা ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা সপ্তম বাৰ্ষিকী পাকে পাগা হৰ্ণবিল উৎসৱভাগ সফলৰূপে সামৰণি পৰে।

আজিৰ সামৰণি অনুষ্ঠানত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যখনৰ বন মন্ত্ৰী মামা নাতুঙে সহস্ৰাধিক ৰাইজক উদ্দেশ্যি নিজৰ ভাষণ প্ৰসংগত কয় যে – অৰুণাচল প্ৰদেশ এচিয়াৰ ভিতৰতে প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰৰে ভৰপুৰ । গতিকে আমাৰ প্ৰদেশৰ প্ৰতিজন লোকেই ইয়াক সংৰক্ষণ কৰাটো প্ৰয়োজনীয়। বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যৰ ডাবোল ইঞ্জিন চৰকাৰে অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ লগতে জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ কাৰণে বহুতো কাম কৰিছে আৰু ভৱিষ্যতে আৰু কৰি যাব । ভাষণৰ অন্তত মন্ত্ৰী গৰকীয়ে মঞ্চত উপবিষ্ট সকলোৰে লগতে উপস্থিত ৰাইজক অৰুণাচলৰ বন আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণৰ সংকল্প পাঠ কৰায় ।

উদ্যোক্তা কমিটিৰ অধ্যক্ষ তথা পাকে কেচাং জিলা উপায়ুক্ত টায়েক পাডুয়ে আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে দৈমূখ বিধান সভা সমষ্টিৰ বিধায়ক টানা হালি, ইষ্ট কামিং চছিয়েল ৱেলফেয়াৰ অৰ্গেনাইজেচনৰ অধ্যক্ষ ভাৰত চনমকে ধৰি কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ শেষত স্থানীয় পাকে কেচাং বিধান সভাৰ বিধায়ক তথা ৰাজ্যখনৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি বিওৰাম ওৱাগে উপস্থিত সকলোকে উদ্দেশ্যি শলাগৰ শৰাই আগবঢ়ায়।

AssamDaily time axomGuwahatiInternational
Comments (0)
Add Comment