আজি ৰাজধানী দিল্লীত ডিজিপি-আইজিপিৰ বাৰ্ষিক সন্মিলনৰ সভাপতিত্ব কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বৈঠকত চাইবাৰ নিৰাপত্তা, ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ আৰু সীমান্ত নিৰাপত্তাৰ বিষয়সমূহ আলোচনা কৰা হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰিও ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভালেও এই বাৰ্ষিক বৈঠকত ভাষণ দিব।
অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত ৰাজ্যসমূহৰ সঞ্চালক প্ৰধান (ডিজিপি) আৰু মহাপৰিদৰ্শক (আইজিপি) পৰ্যায়ৰ ৩০০ৰো অধিক বিষয়াই অংশগ্ৰহণ কৰিব। এই বৈঠকত খালিস্তানী উগ্ৰপন্থীৰ পৰা অহা ভাবুকি, অৰ্থনীতিৰ সন্মুখীন হোৱা প্ৰত্যাহ্বান, উত্তৰ-পূবৰ উগ্ৰবাদ, ক্ৰিপ্টোকাৰেন্সী, মাওবাদী হিংসাকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব।