Daily Time Axom

কেন্দ্ৰীয় চৰকাৰ আৰু KLO ৰ মাজত চলি থকা শান্তি চুক্তি আলোচনা সফল হোৱাৰ উদ্দেশ্যে বিজনীৰ ১ নং সুপাৰিগুৰীত (ধামাল) হৰি নাম প্ৰসংগ

0 36

কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ দাবী।

সশস্ত্ৰ সংগঠন কমতাপুৰ লিবাৰেছন অৰ্গেনাইজেছন চমুকৈ কেএলঅ’ৰ মুখ্য সেনাধ্যক্ষ জীৱন সিংহ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হ’বলৈ আগবাঢ়িছে শান্তি চুক্তি।কোচৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সংগঠনে গণতান্ত্ৰিক পদ্ধতি আৰু কেএলঅ’ৰ মূৰব্বী জীৱন সিংহৰ নেতৃত্বত সশস্ত্ৰ সংগ্ৰামেৰে ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচৰাজবংশীৰ জনজাতিকৰণৰ দাবী জনাই আহিছে।অৱশেষত KLO ৰ সেনাধ্যক্ষ জীৱন সিংহৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰ আৰু KLO ৰ মাজত শান্তি চুক্তি হবলৈ আগবাঢ়িছে। শান্তি চুক্তি সফল আৰু কোচৰাজবংশীৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ বিচৰা ধৰণেৰে সমাধান হোৱাৰ আশাৰে বিজনীৰ ১ নং সুপাৰিগুৰী জগন্নাথ মন্দিৰত হৰি নাম প্ৰসংগ তথা ধামাল আয়োজন কৰি প্ৰাৰ্থনা জনায়।

Leave A Reply

Your email address will not be published.