Daily Time Axom

জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাঁওনা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

0 48

জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাঁওনা মহোৎসৱলৈ মাজত মাত্ৰ ডেৰ মাহ বাকী৷ভাৰতবৰ্ষৰ একক সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান বাৰেচহৰীয়া ভাঁওনাত এইবেলি নতুনকৈ সংযোজন ঘটিব যুৱ প্ৰজন্মৰ দ্বাৰা গায়ন বায়নৰ প্ৰদৰ্শন৷সৰ্বমুঠ ২১ খন খলাত একেলগে প্ৰায় তিনি শতাধিক যুৱ প্ৰজন্মই প্ৰদৰ্শন কৰিব লগা এই গায়ন বায়নৰ প্ৰশিক্ষণৰ আজি শুভ উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক ভৰলী কোঁৱৰ পদ্ম হাজৰিকাই৷

হাতত খোল আৰু তাল লৈ দুয়োটি বাদ্য নিজে বজাই এইদৰেই শুক্ৰবাৰে বিয়লি শুভাৰম্ভ কৰিলে জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাঁওনাৰ বৃহৎ খোল প্ৰশিক্ষণৰ কাৰ্যসুচীৰ৷আৰু মাত্ৰ ডেৰ মাহৰ পিছতেই অনুষ্ঠিত হ’ব লগা ভাৰতৰ একক সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান বাৰেচহৰীয়া ভাঁওনা মহোৎসৱৰ এইয়া আনুষ্ঠানিক শুভাৰম্ভনি৷অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক যুৱ প্ৰজন্মই অংশগ্ৰহণ কৰা এই গায়ন বায়নৰ প্ৰশিক্ষণত ব্যৱহৃত খোল তালৰ শব্দই মুখৰ কৰি তুলিলে জামুগুৰিহাটৰ পাঞ্চজন্য বৰ নামঘৰৰ চৌপাশ৷এমাহ ধৰি চলিব লগা এই প্ৰশিক্ষণত যুৱ প্ৰজন্মই সঠিক আৰু শুদ্ধ ৰূপত শংকৰী কলা কৃষ্টিৰ এই গায়ন বায়ন প্ৰদৰ্শন কৰিব আহিব লগা বাৰেচহৰীয়া ভাঁওনা মহোৎসৱত৷ইতিমধ্যে এই গায়ন বায়নৰ প্ৰশিক্ষণত বাজি উঠা খোল তালৰ শব্দৰ পিছতেই আনুষ্ঠানিকভাৱে বাৰেচহৰীয়া ভাঁওনা মহোৎসৱলৈ ককালত টঙালী বান্ধিলে জামুগুৰীয়া ৰাইজে৷

Leave A Reply

Your email address will not be published.