আজি টীয়ক সমষ্টিক নৱ ৰূপ দিয়াৰ অন্যতম কাণ্ডাৰী তথা ৰাজ্য চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী ছাত্ৰনেতা সিংহযুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ ৩৩ সংখ্যক মৃত্যু দিৱস।আজি সমগ্ৰ সমষ্টিবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰিছে ললিত চন্দ্ৰ ৰাজখোৱাক।আপোচবিহীন স্বভাৱেৰে মাত্ৰ পাঁচটা বছৰ শাসনৰ গাদীত বহি অসমখনৰ লগতে টীয়ক সমষ্টিৰ যথেষ্ট উন্নয়ন সাধন কৰা এইগৰাকী সিংহ যুৱকৰ এই ৩৩ সংখ্যক মৃত্যুৰ তিথিৰ দিনা টীয়কৰ ভগামুখস্থিত ৰাজখোৱাৰ সমাধিস্থলীত সদৌ অসম ছাত্ৰ সন্থা যোৰহাট জিলাই এক শ্ৰদ্ধাঞ্জলি অনুস্থান অনুষ্ঠিত কৰে।৩৩ সংখ্যক মৃত্যু তিথি উপলক্ষত জিলা আছুৱে সমাধিস্থলীত ৩৩ গছি বন্তি জ্বলাই পুষ্পাঞ্জলি অৰ্পণ কৰি ছাত্ৰনেতাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰি অনাগত দিনবোৰত তেওঁৰ আদৰ্শ শিৰোগত কৰি আগুৱাই যোৱাৰ সংকল্প লয়।লগতে সিংহ যুৱকগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে টীয়কৰ মাজমজিয়াত অহা ২০২৪ চনৰ আজিৰ দিনটোতে প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ এটি আৱক্ষ মূৰ্তি আৰু এখনি স্মাৰক গ্ৰন্থ উন্মোচন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে জিলা আছুৱে।লগতে ললিত চন্দ্ৰ ৰাজখোৱাৰ নামত এখনি অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতা প্ৰতিবছৰে অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে।উল্লেখযোগ্য যে আজিৰ পৰা কেইবাবছৰৰ আগতেই আছুৱে এইদৰে ৰাজখোৱাৰ স্মৃতি ৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল যদিও নিদিষ্ট ভূমি,পূজি তথা অনান্য কাৰিকৰী সমস্যাত আজি পৰ্যন্ত হৈ উঠা নাই যদিও এইবাৰ যিহেতু বহুভাগ সমস্যা সমাধান হৈছে সেয়ে এইবাৰ বছৰৰ ভিতৰত এই সকলো পৰিকল্পনাই বাস্তৱ ৰূপ পাব বুলি আশা প্ৰকাশ কৰিছে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে।সেয়ে এই ক্ষেত্ৰত সমূহ টীয়কবাসীৰ সহায়ৰ সহযোগিতা কামনা কৰিছে জিলা ছাত্ৰ সন্থাই।
উক্ত শ্ৰদ্ধাঞ্জলি অনুস্থানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জিতু নেওগ,জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈ,সম্পাদক অৰ্জুনকো ভুঞা,সহকাৰী সম্পাদক ৰন্টু ভুঞা,সাংস্কৃতিক সম্পাদক প্ৰীতম শইকীয়াকে প্ৰমুখ্য কৰি টীয়ক আৰু শিমলুগুৰি ছাত্ৰ সন্থাৰ বহুসংখ্যক বিষয়ববীয়া,ললিত চন্দ্ৰ ৰাজখোৱাৰ একালৰ সতীৰ্থ প্ৰদীপ চুতীয়া,জ্যেষ্ঠ ভাতৃ হৰেণ ৰাজখোৱা,যুগল ৰাজখোৱা,টীয়ক আৰু হাঁহচৰা প্ৰেছ ক্লাৱৰ বিষয়ববীয়া,অসম সাহিত্য সভাৰ টীয়ক শাখাৰ বিষয়ববীয়াৰ লগতে স্থানীয় ভালেসংখ্যক গণ্য মান্য ব্যক্তি তথা পৰিয়ালৰ সদস্য উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু জিলা আছুৰ এই পদক্ষেপ যাতে সম্পূৰ্ণ হৈ উঠে তাৰ কামনা কৰে।