ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণৰ বিৰুদ্ধে দেশৰ বহু মহিলা মল্লযুঁজাৰুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পাছত এতিয়া বিষয়টো অধিক বিয়পি পৰিছে৷ মল্লযুঁজাৰুসকলে কৰা প্ৰতিবাদক এতিয়া আন ক্ৰীড়াবিদসকলেও সমৰ্থন জনাইছে। ইয়াৰ বাবে বহু খেলুৱৈয়ে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ বৰ্জন কৰি যন্তৰ মন্তৰলৈ ৰাওনা হৈছে।
ইফালে ব্রিজ ভূষণ শৰণ সিঙেও নিজৰ উত্তপ্ত মনোভাৱ প্রদর্শন কৰিছে৷ তেওঁ স্পষ্টকৈ কৈছে যে তেওঁ পদত্যাগ নকৰে।
আনহাতে ফোগাটে কয় যে আমি আমাৰ সমস্যা ক্ৰীড়া মন্ত্ৰীৰ ওচৰত ৰাখিছো। তেওঁ আমাক সন্ধিয়া ৬ বজাত এপইণ্টমেণ্ট দিছে। কিছুমান বিষয়ত আমি অসন্তুষ্ট হৈছিলো। বিনেশ ফোগাটে আৰু কয় যে আমি সকলো ইছ্যু ৰাখিছো। যদি কেৱল মল্লযুঁজৰ কথা হ’লহেঁতেন এঘণ্টাৰ বৈঠকতে সমাধান হ’লহেঁতেন৷ এয়া এজনী ছোৱালীৰ নহয়, বহু ছোৱালীৰ কথা। আমি প্ৰত্যেককে ৰাজহুৱাভাৱে প্ৰকাশ কৰিব নোৱাৰো, তেনে কৰিলে তেওঁলোকৰ জীৱন আৰু পৰিয়াল বিপদত পৰিব।