প্ৰিয়ংকা চোপ্ৰা এগৰাকী কন্যা সন্তানৰ মাতৃ। প্ৰিয়ংকা আৰু নিক জোনাছৰ কন্যা মালতী মেৰী চোপ্ৰা জোনাছৰ জন্ম হৈছিল চেৰ’গেচিৰ জৰিয়তে। কিয় হঠাতে প্ৰিয়ংকা চেৰ’গেচিৰ জৰিয়তে মাতৃ হ’ল, তাক লৈ হুলস্থুলৰ সৃষ্টি হৈছিল। প্ৰিয়ংকাক বহু লোকে বিভিন্ন মন্তব্যৰে উপহাস কৰিছিল। কিন্তু প্ৰায় এবছৰৰ পিছত প্ৰিয়ংকাই নিজৰ চেৰ’গেচিৰ কথা মুকলিকৈ ক’লে যে কি পৰিস্থিতিত তেওঁ চেৰ’গেচিৰ সহায় ল’বলৈ বাধ্য হৈছিল।
এটা সাক্ষাৎকাৰত প্ৰিয়ংকাই কয়, “চেৰ’গেচিৰ পিছত বহুত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু সেই সময়ত মই মনে মনে থকাটোৱেই উত্তম বুলি ভাবিলোঁ। মই এতিয়া কৈছোঁ। বহু সমস্যাৰ বাবেই মই চেৰ’গেচিৰ সহায় লৈছিলো।”
প্ৰিয়ংকাইও ক’লে, মোৰ বহু শাৰীৰিক সমস্যা আছিল। মাতৃ হ’বলৈ চেৰ’গেচিৰ প্ৰয়োজন হৈ পৰিছিল। মোৰ ভাগ্য ভাল যে মোৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা আছে। এই প্ৰক্ৰিয়াত যিয়ে সহায় কৰিলে তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞ। আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ ৰক্ষা কৰা বাবে।”