পত্নী দেউতাকৰ ঘৰত থকা বাবে… খঙতে স্বামীয়ে কাটি পেলালে…

বিহাৰৰ কৃষ্ণ বাছুকী নামৰ এজন ব্যক্তি চাকৰিৰ ববে পঞ্জাৱৰ মাণ্ডীত থাকে।

তেওঁৰ পৰিয়াল বিহাৰত থাকে। পত্নী অনিতাৰ সৈতে কৃষ্ণৰ চাৰিটা সন্তান, তিনিগৰাকী কন্যা আৰু এজন পুত্ৰ। দুমাহমান আগতে কৰ্মস্থলীৰ পৰা ছুটী লৈ ৰজনী নয়নগৰলৈ আহিছিল পৰিয়ালক লগ কৰিবলৈ। অনিতা সেই সময়ত পিতৃৰ ঘৰত আছিল।

শহুৰেকৰ ঘৰলৈ উভতি অহাত পলম হোৱাৰ বাবে কৃষ্ণই খঙত চোকা অস্ত্ৰৰে নিজৰ ব্যক্তিগত অংগ কাটি পেলায়। বিহাৰৰ মধেপুৰা থানাৰ অন্তৰ্গত ৰজনী নয়নগৰ অঞ্চলত শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা। চুবুৰীয়াই তেওঁক বিপদত পৰা দেখি চিকিৎসালয়ত ভৰ্তি কৰে।অৱশ্যে কৃষ্ণ মানসিকভাৱে অসুস্থ আছিল। সম্প্ৰতি তেওঁ সুস্থিৰ বুলি জানিবলৈ দিয়ে চিকিৎসালয়ৰ চিকিৎসকে।

AssamDaily time axomGuwahatiNew DelhiWorld
Comments (0)
Add Comment