শিৱসাগৰ জিলাৰ আমগুৰি ডনবস্ক’ স্কুল ভেন এচ’ছিয়েচনৰ স্থানীয় আমগুৰি চাংমাই গাঁৱৰ উদীয়মান শিল্পী কনমানি উন্মনা কোঁৱৰক আজি ফুলাম গামোচা আৰু এখনি অভিনন্দন পত্ৰেৰে ৰাজহুৱাভাৱে অভিনন্দন জ্ঞাপন কৰে। স্থানীয় আমগুৰি চাংমাই গাঁৱৰ নিবাসী মনোজ কোঁৱৰ আৰু জুপিতৰা কোঁৱৰৰ কন্যা কনমানি উন্মনা কোঁৱৰলৈ Iconic Assam Award 2023 বঁটা লাভ কৰি অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে উন্মনাক ৰাজহুৱাভাৱে অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে আমগুৰি ডনবস্ক’ স্কুলৰ ক্লাছ ৱানৰ ছাত্ৰী কনমানি উন্মনাই অসমৰ বিভিন্ন বিহু মঞ্চৰ প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰাৰ লগতে সমান্তৰাল ভাৱে মডেলিংৰ ক্ষেত্ৰতো সমানে জিলিকি উঠিবলৈ সক্ষম হৈছে। ইতিপূৰ্বে আমগুৰি ডনবস্ক’ ভেন এচ’ছিয়েচনৰ আছাম বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম খোদিত কৰা আমগুৰিৰ এঞ্জেল প্ৰিয়া শইকীয়াকো ৰাজহুৱা ভাৱে অভিনন্দন জ্ঞাপন কৰিছিল। আমগুৰি আৰু কাষৰীয়া অঞ্চলৰ শিক্ষিত, স্বাৱলম্বী তথা সেৱাৰ মানসিকতাৰে নিজকে সংস্থাপন কৰাৰ প্ৰাৰম্ভিক লক্ষ্যৰে গঢ় লৈ উঠা আমগুৰি ডনবস্ক’ ভেন এচ’ছিয়েচনৰ বৰ্তমান সময়ত আমগুৰিৰ লগতে কাষৰীয়া অঞ্চলৰ এটি পৰিচিত নাম হিচাপে পৰিগণিত হৈছে। গাড়ী চলাই নিজৰ পৰিয়াল পোহপাল দিয়াতেই ক্ষান্ত নাথাকি সমাজ জীৱনৰ বিভিন্ন কৰ্মৰাজীৰে সংস্থাটিয়ে বিভিন্নজনৰ বুকুত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈ সংস্থাটোৱে প্ৰতি বছৰে দুজনকৈ মুঠ বিশজনৰো অধিক কেঞ্চাৰ আদি জটিল ৰোগীলৈ আৰ্থিক সাহাৰ্য, পাঁচজন দুৰ্ঘটনাত পতিত ব্যক্তিক চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে বানাক্ৰান্ত লোকলৈ সাহাৰ্য দান, বিনামূলীয়া চিকিৎসা শিবিৰ আদি অনুষ্ঠিত কৰাৰ লগতে স্থানীয় বিভিন্ন অনুষ্ঠানলৈ সাহায্য আগবঢ়ায় আহিছে।