Daily Time Axom

চৰাইদেউ মৈদামে ইউনেস্ক’ৰ স্বীকৃতি লাভ কৰাকলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফেছবুক পোষ্ট

0 29

চৰাইদেউৰ মৈদামক ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতিৰ বাবে ভাৰতৰ তৰফৰ পৰা মনোনীত কৰা বাবে অসমৰ ৰাইজ তথা ৰাজ্য চৰকাৰৰ হৈ আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে চৰাইদেউৰ মৈদাম বাচনি কৰি অসমবাসীৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শন কৰা এয়া সঁচাকৈয়ে এক বিৰল সন্মান। সমগ্ৰ দেশৰ ৫২টা স্থানৰ ভিতৰত চৰাইদেউ মৈদামৰ এই মনোনয়নে ২০১৪ চনৰ পৰা চলাই অহা আমাৰ প্ৰচেষ্টাৰ সফলতাক প্ৰতীয়মান কৰিছে। ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে চৰাইদেউ মৈদামৰ দাবীক ৰাষ্ট্ৰীয় প্ৰচেষ্টা হিচাপে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে মাননীয় কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ।

চৰাইদেউ মৈদামে ইউনেস্ক’ৰ এই স্বীকৃতি লাভ কৰিলে কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পিছত অসমৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হ’ব।

Leave A Reply

Your email address will not be published.