Daily Time Axom

বিয়াৰ ৪ বছৰ পিছতো সন্তানহী,মহিলাক শ্মশানলৈ নি জোৰকৈ খুৱালে মৃত লোকৰ হাড়ৰ গুড়ি

0 52

পুনে চহৰত ক’লা যাদুৰ বলি হোৱা সন্তানহীন এগৰাকী মহিলাৰ অভিযোগ মতে, এটি সন্তানৰ দাবীত স্বামী আৰু শহুৰেকে বলপূৰ্বকভাবে মানুহৰ হাড়ৰ গুড়ি খুৱাইছে। জানিব পৰা মতে স্থানীয় এজন তন্ত্ৰসাধকে সকলো ব্যৱস্থা কৰি দিছিল বুধবাৰে কইনাৰ পৰা এজাহাৰ পোৱাৰ পিছতে এফআইআৰ দাখিল কৰা হয় ।কইনাৰ স্বামী আৰু শহুৰেকৰ উপৰিও অভিযুক্তৰ তালিকাত আছে তন্ত্ৰ সাধকজনো।

শহুৰেকৰ বিৰুদ্ধে মহিলাগৰাকীয়ে দুখনকৈ এজাহাৰ দাখিল কৰে তেওঁ কয় যে তেওঁৰ বিয়া হৈছিল চাৰি বছৰ আগতে সেই সময়ৰ পৰাই যৌতুক হিচাপে পণ্য আৰু সোণৰ অলংকাৰ দাবী কৰি আহিছিল,যিহেতু তেওঁৰ কোনো সন্তান নাছিল, গতিকে অমাৱস্যাৰ নিশা তাইক স্থানীয় শ্মশানলৈ লৈ যোৱা হয় তাত তেওঁক মানুহৰ হাড় গুড়ি কৰি খাবলৈ বাধ্য কৰে । মহাৰাষ্ট্ৰৰ কংকন প্ৰদেশৰ সেই শ্মশানত মহিলাগৰাকীৰ সৈতে ক’লা যাদুৰ ৰীতি-নীতি কৰা হৈছিল বুলি অভিযোগ কৰে। এজন আঘোৰী তন্ত্ৰসাধকে ভিডিঅ’ কলৰ জৰিয়তে নিৰ্দেশনা দি আছিল বুলিও তেওঁ কয়।

প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জনোৱা মতে, তথাকথিত শিক্ষিত পৰিয়াল হোৱাৰ পিছতো কইনাৰ পৰিয়ালৰ লোকে ক’লা যাদু চৰ্চা কৰাত আগ্ৰহী। মহিলাগৰাকীক কোন শ্মশানলৈ লৈ যোৱা হৈছিল সেই কথা জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে । উপযুক্ত প্ৰমাণ পোৱাৰ পিছত অভিযুক্ত ৭ জন লোকক গ্ৰেপ্তাৰ কৰিব।

Leave A Reply

Your email address will not be published.