কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰিব অহা ৩০ জানুৱাৰীত।
বৃহস্পতিবাৰে জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিছে। শতিকা পুৰণি দলটোৱে যাত্ৰাৰ অন্তিম দিনা তাতেই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। কিন্তু সেয়া দলৰ মুখ্য কাৰ্যালয়তহে। ঐতিহাসিক ৰেড চকত নহয়। এই কথা অৱগত কৰি জম্মু-কাশ্মীৰৰ কংগ্ৰেছৰ দলীয় মূৰব্বী ৰজনী পাটিলে কয় যে ৰেড চকত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাটো আচলতে আৰ এছ এছৰ এজেণ্ডাহে। আৰু সেইবাবেই এনে পৰিকল্পনা কৰা হৈছে ।