শিঙাৰী চিনিয়ৰ মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আবুল কাচিম আল কাছিমীৰ মৃত্যু

বিশিষ্ট ইছলামিক চিন্তাবিদ, আলীমে দ্বীন, শিঙাৰী ছিনিয়ৰ মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ মৌলানা আবুল কাচিম আল কাছিমী চাহাবে আজি পুৱা নিজ বাসভৱনত ইহ সংসাৰ ত্যাগ কৰে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৭ বছৰ । তেখেতৰ জন্ম গাঁও মৰিগাঁও জিলাৰ মিকিৰ ভেটাৰ খন্দাপুখুৰী গাঁৱতো শোকৰ ছাঁ পৰিছে । তেখেতৰ মৃত্যুত নগাঁও জিলা আমছুৰ সভাপতি আব্দুৰ নুৰ,অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি অধিবক্তা হাৰুনাল ৰছিদ, নগাঁও জিলা জমিয়তৰ সম্পাদক মৌলানা আব্দুছ ছালাম কাচিমী,জিলা নদুৱাৰ সম্পাদক মোস্তাফা কামাল, শিক্ষাবিদ ফজলুল হক মড়ল, জুৰীয়া প্ৰেছ ক্লাবৰ সভাপতি বাবূল শইকীয়া, সম্পাদক ফজলুল হককে ধৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। অজস্ৰ গুণমুগ্ধৰ উপস্থিত তেখেতৰ জানাজাৰ নামাজ উদমাৰী হাইস্কুল খেল পথাৰত অনুষ্ঠিত হয়।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment