কণীৰ কুহুমৰ তেজৰ দাগ থাকিলে খাব লাগে নে নালাগে ! ডাক্তৰে কি কয়

কণী ভাঙি যোৱাৰ পিছত কুহুমত ৰঙা তেজৰ দাগ কেতিয়াবা লক্ষ্য কৰিছেনে? কেতিয়াবা মাংসৰ দৰে টুকুৰাও দেখা যায়। যদি আপুনি সেই কণীটো খায়, তেন্তে শৰীৰৰ কি ক্ষতি হয় ? ডাক্তৰে কি কৈছে জানি লওক-

বিশেষজ্ঞসকলে কয় যে কণীৰ কুহুমত যদি তেজ থাকে তেন্তে ই শৰীৰৰ বাবে ক্ষতিকাৰক নহয়, যদিহে ভালকৈ সিজে।

কণীটো ফেল’পিয়ান টিউবৰ মাজেৰে পাৰ হৈ যোৱাৰ লগে লগে ই প্ৰায়ে মাংস বা তেজৰ টুকুৰাৰ সৈতে মিহলি হৈ পৰে। ইয়াত শৰীৰৰ ক্ষতি কৰিব পৰা একো নাথাকে।

কিন্তু যদি কণীৰ বগা অংশটো কেতিয়াবা গোলাপী, ৰঙা বা সেউজীয়া ৰঙৰ হয়, তেন্তে সেই কণীটোৱে শৰীৰৰ বহু ক্ষতি কৰে। বিশেষজ্ঞসকলৰ মতে, কিছুমান বিষাক্ত বেক্টেৰিয়াৰ প্ৰভাৱৰ বাবে কণীৰ ৰং সলনি হয়।

AssambollywoodDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment