তিনিমাহ দিল্লীৰ বিলাসী হোটেলত থাকি ২৩ লাখ টকা নিদিয়াকৈ পলায়ন ! অৱশেষত কৰ্ণাটকত গ্ৰেপ্তাৰ

লোকজনে নিজকে আবুধাবি চৰকাৰৰ বিষয়া বুলি দাবী কৰি তেওঁ প্ৰায় তিনিমাহ দিল্লীৰ এখন হোটেলত থাকিল। তাৰ পিছত লোকজনে ২৩ লাখ টকাৰ বিল নিদিয়াকৈ পলাই যায় যদিও অৱশেষত গ্ৰেপ্তাৰ হয় অভিযুক্ত।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ নাম মহম্মদ শ্বৰীফ। বয়স ৪১ বছৰ।

তেওঁ আচলতে আবুধাবিৰ নহয়, কৰ্ণাটকৰ বাসিন্দা। যোৱা বছৰ প্ৰায় তিনিমাহ ধৰি ২৩ লাখ ৪৬ হাজাৰ ৪১৩ টকা বিল নিদিয়াকৈ পলাইছিল লোকজন। হোটেলখনৰৰ পৰা পলাই যাওঁতে তেওঁ কেইবাটাও মূল্যবান সামগ্ৰীও চুৰি কৰি নিয়ে। হোটেলখনৰ জেনেৰেল মেনেজাৰ অনুপম দাসগুপ্তাৰ অভিযোগৰ ভিত্তিত ১৪ জানুৱাৰীত দিল্লী আৰক্ষীয়ে এফআইআৰ দাখিল কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ২০২২ চনৰ ১ আগষ্টত দিল্লীৰ সেই বিলাসী হোটেলখনত থাকিবলৈ আহিছিল শ্বৰীফ। তেওঁ দাবী কৰে যে তেওঁ ইউ এ ই চৰকাৰৰ এজন বিষয়া। তাতে তেওঁ নাগৰিকত্বৰ নথিখনো দেখুৱাইছিল। ২০ নৱেম্বৰত তেওঁ হোটেলৰ পৰা ওলাই গৈছিল। যাওঁতে ২০ লাখ টকাৰ চেক এখন দিয়ে। একাউণ্টত ধনৰ অভাৱত চেক বাতিল হয়। অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। যোৱা ১৯ জানুৱাৰীত দক্ষিণ কানাড়াৰ পৰা গ্ৰেপ্তাৰ কৰা হয় শ্বৰীফক। স্থানীয় আদালতত গোচৰ ৰুজু কৰা হৈছে। এতিয়া আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

AssamDaily time axomGuwahatiInternationalNew Delhi
Comments (0)
Add Comment