বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতিৰ নেতৃত্বত বটদ্ৰৱা পুৰণি বাছ আস্থানত অনুষ্ঠিত হয় প্ৰীতি ভোজ

প্ৰতিভোজত অংশগ্ৰহণ নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি ময়ূৰ মজুমদাৰৰ।

আজি নগাঁও জিলাৰ বটদ্ৰৱাৰ সাংবাদিক সকলৰ উমৈহতীয়া মঞ্চ বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমণি গোস্বামীৰ নেতৃত্বত আজি বটদ্ৰৱা পুৰণা বাছ আস্থানত আয়োজন কৰা হয় এক প্ৰীতিভোজৰ।
বিগত প্ৰায় পোন্ধৰ বছৰ ধৰি একেৰাহে চলি থকা এই প্ৰতিভোজত অঞ্চলটোৰ প্ৰায় দুই শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।আজিৰ এই প্ৰীতিভোজত নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি ময়ূৰ মজুমদাৰ, অধিবক্তা নজৰুল ইছলামৰ লগতে বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ সাংবাদিকসকল উপস্থিত থাকি উক্ত প্ৰতিভোজত অংশ গ্ৰহণ কৰে।

AssambollywoodDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment