বেদ পাঠেৰে মুখৰিত তামুলপুৰৰ হস্তিনাপুৰ শান্তি আশ্ৰম

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰীৰ হস্তিনাপুৰ গাঁৱৰ শান্তি আশ্ৰম হৰিমন্দিৰ প্ৰাংগণত ৭ দিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰীমদ ভাগৱত সপ্তাহ, জ্ঞানযজ্ঞ ও শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞ। অহা ২৭ জানুৱাৰীলৈ হ’ব লগা উক্ত অনুষ্ঠানৰ শুকুৰবাৰে পুৱাই ধৰ্মীয় ধ্বজা উত্তোলন কৰে আশ্ৰমৰ শ্ৰীমত স্বামী সম্পূর্ণনানন্দ স্বৰস্বতীয়ে। ইয়াৰ পিছতে এক মাংগলিক পৰিৱেশত মুখ্যদ্বাৰ উদ্বোধন কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে। অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাই স্থানীয় লোকৰ দ্বাৰা উলিওৱা হয় এক ধৰ্মীয় শোভাযাত্ৰা। স্থানীয় পুৰুষ-মহিলা, যুৱক-যুৱতী, বৃদ্ধসকলে অংশগ্ৰহণ কৰা উক্ত শোভাযাত্ৰাত সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি অংশলৈ কেইবা কিলোমিটাৰ পথ অতিক্ৰম কৰি পুনৰ শান্তি আশ্ৰমলৈ উভতি আহে। লগতে প্ৰথম দিনৰ কাৰ্যসূচীত বৃক্ষৰোপন তথা কাৰ্যালয় উদ্বোধনো কৰা হয়। উল্লেখ্য যে অহা ২৭ জানুৱাৰীলৈ চলিব লগা এই অনুষ্ঠানত প্ৰতিদিনেই পুৱা বেদ পাঠ, বিষ্ণু মহাযজ্ঞ, দিনৰ ভাগৰ পৰা ভাগৱত প্রৱছন আৰু সন্ধিয়া আৰতি আৰু ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হব।

AssamDaily time axomIndiaInternationalNew Delhi
Comments (0)
Add Comment