শীতকালৰ ৰাতিপুৱা সাৰ পোৱা মাত্ৰকে হাঁচি আহে নেকি

বহুতে শীতকালৰ লগত ভালদৰে মোকাবিলা কৰিব নোৱাৰে। সেইবাবেই শীতকালত হাঁচি, কাহ, চৰ্দি আদি কিছুমান সাধাৰণ সমস্যা হৈয়েই থাকে। আকৌ বহুতে ৰাতিপুৱা সাৰ পাই হাঁচিৰ অস্থিৰ অনুভৱ কৰে। চিকিৎসাৰ ক্ষেত্ৰত ইয়াক এলাৰ্জিক নাকৰ ৰোগ বুলি কোৱা হয়। ধূলি, আৰ্দ্ৰতা আৰু এলাৰ্জীৰ বাবে এনে হয়। যদি আপুনি এই সমস্যাৰ পৰা মুক্তি পাব বিচাৰে তেন্তে…

১.মৌৰ লগত আমলখী ৰস বা গুড়ি মিহলাই পেষ্ট বনাওক। ৰাতিপুৱা আৰু গধূলি এচামুচ খাব।
২.পদিনা পাতৰ চাহ খাব। পদিনা পাতৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণে এলাৰ্জীৰ সমস্যাৰ পৰা মুক্তি দিব পাৰে।
৩.সোনকালে গৰম পানীত ভাঁপ লওক হাঁচিত সকাহ পাব। পানী উতলাই তাত কিছু কৰ্পূৰ মিহলাই লওক। তাৰ পিছত ভাপত লওক।
৪.হাঁচি মাৰিলে গৰম পানী খাব লাগে। কেতিয়াবা ঠাণ্ডা পানীয়েও অবিৰত হাঁচিৰ সৃষ্টি কৰে।

AssambollywoodDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment