Daily Time Axom

ছুটীত থকা সহকৰ্মীক অশান্তি দিলে ১ লাখ টকাৰ জৰিমনা!

0 45

একঘেয়ামী কৰ্মজীৱনৰ পৰা বিৰতি লৈ পৰিয়ালৰ সৈতে অকলে সময় কটাবলৈ আপুনি কৰ্মৰ পৰা কেইদিনমান ছুটী লৈছে। কিন্তু দেখা গ’ল যে বিভিন্ন সৰু সৰু কামত অফিচৰ পৰা সহকৰ্মীসকলৰ ফোন আহি আছে আপোনাৰ ওচৰলৈ। যিটো এতিয়া দৈনন্দিন জীৱনৰ প্ৰতিজন চৰকাৰী আৰু ব্যক্তিগত কৰ্মচাৰীৰ লগত প্ৰায়ে ঘটে। ইয়াৰ পৰা সকাহ পোৱা লোকৰ সংখ্যা বহুত কম। কিন্তু এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত মুম্বাইৰ ড্ৰিম ইলেভেনে লৈছে এক কঠোৰ সিদ্ধান্ত। ই এক ফেণ্টাচি স্প’ৰ্টছ প্লেটফৰ্ম।

ড্ৰিম ইলেভেনে কয় যে তেওঁলোকৰ কৰ্মচাৰীয়ে যিকোনো কাৰণত ছুটীত থকা সহকৰ্মীক অশান্তি দিলে এক লাখ টকা জৰিমনা বিহা হ’ব। কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক ভৱিত শেঠে কয়, ‘এবছৰত মাত্ৰ এসপ্তাহ, আপুনি ইমেইল বা ফোন কল নাপায়। সেয়েহে এই জৰিমনাই কৰ্মচাৰীসকলক এটা সুন্দৰ ছুটী কটাবলৈ সুযোগ দিব বুলি কোৱা হৈছে

Leave A Reply

Your email address will not be published.