Daily Time Axom

নোৰাই জেকলিনক আঁতৰাই সুকেশৰ প্ৰেমত পৰিব বিচাৰিছিল

0 46

২০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত বৰ্তমান দিল্লীৰ মাণ্ডলী কাৰাগাৰত আছে সুকেশ চন্দ্ৰশেখৰ। এতিয়া তেওঁৰ আন এখন চিঠি পোহৰলৈ আহিছে, য’ত তেওঁ নোৰা ফাতেহীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

অভিযুক্তই তেওঁৰ পত্ৰত উল্লেখ কৰিছে যে তেওঁ আৰু জেকলিন দুয়োৰে সম্পৰ্ক আছিল। আৰু সেই সম্পৰ্কক লৈ নোৰাৰ ঈৰ্ষা হৈছিল। কেৱল সেয়াই নহয়, তেওঁ যে জেকলিনক সদায় ঈৰ্ষা কৰিছিল সেই কথাও প্ৰকাশ কৰিছে। তেওঁ কয় যে অভিনেত্ৰীগৰাকীয়ে তেওঁক সদায় জেকলিনৰ বিৰুদ্ধে বেয়াকৈ কৈছিল আৰু তেওঁক ব্ৰেইনৱাছ কৰিবলৈ চেষ্টা কৰিছিল।

ইডিৰ আগত নিজৰ বক্তব্য সলনি কৰা বুলিও দাবী কৰে সুকেশে। তেওঁ কয় যে নোৰাই বিচাৰে যে তেওঁ জেকলিনৰ লগত ব্ৰেকআপ কৰক। নোৰাই সুকেশক ভাল পাব বিচাৰিছিল।

২০ জানুৱাৰী তাৰিখৰ এই পত্ৰত চন্দ্ৰশেখৰে লিখিছে যে নোৰাই পূৰ্বতে ইডিক দিয়া তথ্যৰ লগত অৰ্থনৈতিক অপৰাধ ব্যুৰোক দিয়া বক্তব্যৰ কোনো মিল নাই। তেওঁৰ মতে, ‘গোটেইটো সলনি হৈ এতিয়া নতুন নতুন কাহিনী হৈছে। ইডিৰ চাৰ্জ শ্বীটৰ সৈতে তেওঁ ইকনমিক ক্ৰাইম ব্যুৰোক দিয়া বক্তব্যৰ পাৰ্থক্য আছে।

Leave A Reply

Your email address will not be published.