জয়পুৰৰ এগৰাকী শিল্পীয়ে নখতকৈও সৰু চামুচ বনাই সমগ্ৰ বিশ্বৰ চকু কাঢ়িছে।
শিল্পী নৱৰতন প্ৰজাপতিৰ খ্যাতি কেউদিশে বিয়পি পৰিছে। তেওঁৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰকাশ পাইছে।
শেহতীয়াকৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ পেজৰ পৰা নৱৰতনৰ চামুচ নিৰ্মাণৰ ভিডিঅ’টো টুইট কৰা হৈছে। য’ত শিল্পীজনক ক্ষুদ্ৰতম কাঠৰ চামুচ তৈয়াৰ কৰাত নিমগ্ন হোৱা দেখা গৈছে। এই চামুচৰ উচ্চতা মাত্ৰ ২ মি.মি. ইমান সৰু চামুচ এখন আগতে পৃথিৱীৰ কোনেও বনাব পৰা নাছিল।
বিশ্বজুৰি খ্যাতি অৰ্জন কৰাৰ পিছত নৱৰতনে কয়, ‘গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ বিশ্বৰ কোহিনুৰ হীৰৰ দৰে।’ তেওঁ লগতে কয় যে ভৱিষ্যতে তেওঁ নিজৰ আচৰিত বস্তুৰে এটা সংগ্ৰহালয় নিৰ্মাণ কৰিব বিচাৰে।
মন কৰিব যে ২০০৬ চনত এই শিল্পীগৰাকীয়ে বিশ্বৰ আটাইতকৈ সৰু বন্তি নিৰ্মাণৰ বাবে লিমকা ৱৰ্ল্ড ৰেকৰ্ডৰো প্ৰমাণ পত্ৰ লাভ কৰিছিল। সেই বন্তিটো ব্যৱহাৰো কৰিব পাৰি। নৱৰাথনৰ পূৰ্বে তেলেংগানাৰ শিল্পী গৌৰী শংকৰ গুম্মাদিধলাৰে বিশ্বৰ আটাইতকৈ সৰু কাঠৰ চামুচ নিৰ্মাণ কৰি বিশ্ব অভিলেখ গঢ়িছিল। ২০২১ চনত তেওঁ ৪.৫ মিলিমিটাৰ দীঘল কাঠৰ চামুচ নিৰ্মাণ কৰিছিল।