নতুন ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ বাবে পেৰুৱে অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিছে জনপ্ৰিয় পৰ্যটনস্থলী মাচু পিচু।
পেৰু চৰকাৰে পৰ্যটন আৰু নাগৰিকক সুৰক্ষা প্ৰদানৰ বাবে মাচু পিচুলৈ যোৱা পথটো বন্ধ কৰি দিছে । ১৫ শতিকাৰ ইনকা দুৰ্গৰ তলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ থকা শ শ লোকক এতিয়া উদ্ধাৰ কৰা হৈছে।

পেৰুৰ প্ৰাক্তন নেতাগৰাকীক পদচ্যুত কৰাৰ পিছৰে পৰা দেশখনত হিংসাত্মক প্ৰতিবাদ অব্যাহত আছে। এই প্ৰতিবাদত বহু লোকৰ মৃত্যু হৈছে। যোৱা বৃহস্পতিবাৰে বাতিল কৰা হৈছিল মাচু পিচুলৈ যোৱা ৰেল সেৱা। প্ৰতিবাদকাৰীয়ে একাংশ ৰে’লৰ আক্ৰমণ আৰু ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
শনিবাৰে এখন সংবাদমেলত পৰ্যটন মন্ত্ৰী লুইছ ফাৰ্নাণ্ডো হেলগুৱেৰ’ই কয় যে ইয়াৰ বাবেই ৪১৮ জন লোক আৱদ্ধ হৈ আছে।
অৱশ্যে সেই নিশা পৰ্যটন মন্ত্ৰীয়ে ঘোষণা কৰি কয় যে ১৪৮ জন বিদেশী আৰু ২৭০ পেৰুবাসীক ৰেল আৰু বাছেৰে নিৰাপদে উলিয়াই অনা হৈছে।
প্ৰতিবাদৰ বাবে মাচু পিচুত আৱদ্ধ হৈ থকা পৰ্যটক এইটোৱেই প্ৰথম নহয়। যোৱা মাহত কেইবাদিনো তাত আবদ্ধ হৈ থকা শ শ পৰ্যটকক বিমানেৰে বাহিৰলৈ লৈ যোৱা হৈছিল।
এণ্ডিজ পৰ্বতমালাৰ শিখৰত অৱস্থিত মাচু পিচু বিশ্বৰ অন্যতম সপ্তম আশ্চৰ্য্য। পৰ্যটকৰ মাজত ই অতি জনপ্ৰিয়। প্ৰতি বছৰে ইয়ালৈ প্ৰায় ১০ লাখ লোকে যাত্ৰা কৰে।
কিছুমান পৰ্যটকে ইনকা ট্ৰেইলৰ জৰিয়তে মাচু পিচুলৈ যায়। পেৰুৰ সংস্কৃতি মন্ত্ৰালয়ে এক বিবৃতিত কয় যে যিসকলে ইতিমধ্যে মাচু পিচু চাবলৈ টিকট ক্ৰয় কৰিছে তেওঁলোকৰ প্ৰতিবাদ শেষ হোৱাৰ পিছত এমাহৰ বাবে সেই টিকটসমূহ ব্যৱহাৰ কৰিব পাৰিব।