দক্ষিণ ফাকুলী হাজীপাৰা নিউ মাৰ্কেটত প্ৰতিযোগিতা ও আমলী প্ৰদৰ্শনী আৰু ওৱাজ মেহফিল

শিঙাৰী ও ফাকুলী আঞ্চলিক দ্বীনি তালিমী বৰ্ডৰ ১৭তম বাৰ্ষিক অধিৱেশন, প্ৰতিযোগিতা ও আমলী প্ৰদৰ্শনী অহা ২৫ আৰু ২৬ জানুৱাৰী তাৰিখে দক্ষিণ ফাকুলী হাজীপাৰা নিউ মাৰ্কেটত অনুষ্ঠিত হ’ব। উক্ত প্ৰতিযোগিতা ও আমলী প্ৰদৰ্শনীত বৃহত্তৰ অঞ্চলৰ ছবাহী মক্তৱৰ ছাত্ৰ – ছাত্ৰীৰ মাজত আকৰ্ষণীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। গতিকে উক্ত অনুষ্ঠানত সমুহ সচেতন ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে। উল্লেখ্য যে, ২৬ জানুৱাৰীত কেইবাজনো আন্তৰ্জাতিক খ্যাতি সম্পন্ন ইছলামিক আলিম উলামাৰ উপস্থিতিত বিশাল ধৰ্মীয় সভা অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিয়ে জানিব দিয়ে।

বটদ্ৰৱাৰ পৰা জুয়েল উদ্দিনৰ ৰিপ’ৰ্ট।

AssambollywoodDaily time axomIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment