মৰমিয়াল আৰু বুদ্ধিমান ছোৱালীক বিয়া কৰাব ৰাহুল গান্ধীয়ে,২৫০০ৰ পৰা ৩০০০ পাউণ্ডৰ দৰমহা পাইছিল চাকৰি কৰোতে

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা এতিয়া জম্মু-কাশ্মীৰত অন্তিম পৰ্যায়ত আছে। এই ভ্ৰমণৰ সময়ত ৰাহুলে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম কাৰ্লাইটেলছৰ তেওঁৰ জীৱনৰ সেই দিশসমূহৰ বিষয়ে কৈছে, যিবোৰৰ বিষয়ে দেশৰ অধিকাংশ জনতাই জানিব বিচাৰে। এই সময়ছোৱাত ৰাহুলে কেতিয়া আৰু কাৰ লগত বিয়া হ’ব, কি খাই ভাল পায়, কিমান পঢ়া-শুনা কৰিলে আৰু প্ৰথম চাকৰি ক’ত পালে সেই কথা ক’লে।

বিবাহ সম্পৰ্কে কি ক’লে ৰাহুলে?
ৰাহুল গান্ধীয়ে ক’লে যে যেতিয়া তেওঁ উপযুক্ত ছোৱালী বিচাৰি পাব তেতিয়া তেওঁৰ বিয়া হ’ব। তেওঁ এগৰাকী মৰমিয়াল আৰু বুদ্ধিমান ছোৱালীক বিয়া কৰাব বিচাৰে। লগতে তেওঁ বিবাহৰ বিৰোধী নহয় বুলিও কয়। মাক-দেউতাকে ইজনে সিজনক বহুত ভাল পাইছিল আৰু তেওঁলোকৰ বিয়াখন বৰ মধুৰ আছিল। তেওঁ একেধৰণৰ জীৱন সংগীয়েই বিচাৰি আছে।

ৰাহুলে কি খাই ভাল পায়?
ৰাহুল গান্ধীয়ে কয় যে তেওঁ সকলো খায় কিন্তু কঠাল আৰু মটৰ ভাল নাপায়। ঘৰত ৰুটিন কঠোৰভাৱে পালন কৰা হয় যদিও যাত্ৰাৰ সময়ত যিখিনি পোৱা যায়, তেওঁ খায়। তেওঁ লগতে কয় যে তেলেংগানাৰ মানুহে জলকীয়া বেছিকৈ খায়, গতিকে তাত তেওঁ অসুবিধা পাইছিল। ৰাহুল গান্ধীয়ে মটন, চিকেন টিক্কা, সীখ কেবাব আৰু অমলেট ভাল পায়। ইয়াৰ বাহিৰেও তেওঁ আইচক্ৰীম বৰ ভাল পায়। তেওঁ দেশী আৰু বিদেশী খাদ্য দুয়োটাৰে প্ৰতি আকৰ্ষিত।

পঢ়া-শুনা আৰু চাকৰিৰ বিষয়ে কি ক’লে ৰাহুলে?
ৰাহুলে কয় যে তেওঁ ছেইণ্ট ষ্টিফেনছ কলেজ আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু ৰাজনীতি বিষয়ত অধ্যয়ন কৰিছে। পিতৃৰ মৃত্যুৰ পিছত তেওঁ আমেৰিকালৈ গুচি যায় আৰু ৰলিন্স কলেজত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, অৰ্থনীতি বিষয়ত অধ্যয়ন কৰে। ইয়াৰ পিছত ৰাহুলে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ৰাহুল গান্ধীয়ে লণ্ডনত প্ৰথম কাম কৰিছিল আৰু কোম্পানীটোৰ নাম আছিল ‘মনিটৰ’। ই আছিল এটা ষ্ট্ৰেটেজিক কনচালটিং কোম্পানী, য’ত তেওঁ ৩০০০ৰ পৰা ২৫০০ পাউণ্ডৰ দৰমহা পাইছিল। সেই সময়ত ৰাহুলৰ বয়স আছিল ২৫ বছৰ।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhipoliticsWorld
Comments (0)
Add Comment