শ্রীশ্রী মহাগণেশ পূজা উপলক্ষে শ্রীশ্রী বিষ্ণু মূর্ত্তি স্থাপন

উত্তৰ পূব কামৰূপৰ ধর্মীয় পীঠস্থান তথা ধর্ম আৰু মহামিলনৰ এক মহান ক্ষেত্র কৰৰা কদমতলস্থিত সার্বজনীন শ্রীশ্রী মহাগনেশ মন্দিৰ প্রাঙ্গণত এই বেলিও অহা ২৪ তাৰিখৰ পৰা তিনিদিনীয়া বর্ণিল কাৰ্যসূচীৰে শ্ৰীশ্ৰী মহাগনেশ পূজা ভাগিৰ আয়োজন কৰা হৈছে ৷

এই শ্রীশ্রীমহাগনেশ পূজাৰ শুভাৰম্ভনি উপলক্ষে আজি কৰৰা কদমতলস্থিত গণেশ মন্দিৰ প্রাংগনত শ্রীশ্রী বিষ্ণু মূর্তি স্থাপন কৰা হয় ৷ এই শ্ৰীশ্ৰী বিষ্ণু মূৰ্তি স্থাপন কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। শ্রীশ্রী মহা গণেশ পূজা উপলক্ষে তিনিদিনীযা কার্যসূচী হিচাপে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে I আৰু সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকর্ষণ হিচাপে অসমৰ জনপ্রীয় কন্ঠশিল্পী কুমাৰ ভৱেশ আৰু মিচ মমিৰ গীতৰ শৰাই আগবঢ়োৱা হব ৷

বাইহাটা চাৰিআলিৰ পৰা ইফ্তাজুল হকৰ ৰিপৰ্ট

Daily time axomIndiaInternationalNew Delhi
Comments (0)
Add Comment