অসম প্ৰকাশন ভাৰতীৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি ৪ বজাত ড০ জগদীন্দ্ৰ ৰায় চৌধুৰীৰ ” নেতাজী সুভাষ চন্দ্ৰ বসু” নামৰ গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়া, প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ পৰিচালন সম্পাদক খগেন শইকীয়া, শিশু শিক্ষা সমিতি অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী প্ৰমুখ্যে অসমৰ কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদৰ উপস্থিতত বিশিষ্ট সমাজকৰ্মী পদ্মশ্ৰী অজয় দত্ত গ্ৰন্থখনিৰ শুভ উন্মোচন কৰে।
গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট সমাজকৰ্মী অজয় দত্তই ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ভোটা তৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱনীৰ প্ৰয়োজনীয়তা ওপৰত আলোকপাত কৰে। তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলন প্ৰকৃত নায়ক আছিল বুলি উল্লেখ কৰে সমাজকৰ্মী দত্তই । ৬০০০০ আই এন এ ৰ বীৰ স্বাধীনতা সংগ্ৰামীৰ সহযোগ ৩০০০০ সৈনিকৰ বলিদানৰ খুটিনাটি সোনালী আখৰেৰে ইতিহাসৰ পাত লুটিয়াই এনে এখন গ্ৰন্থ লিপিবদ্ধ কৰি ওলিওৱা জগদীন্দ্ৰ ৰায়চৌধুৰীক অভিনন্দন জ্ঞাপন কৰে সমাজকৰ্মী গৰাকীয়ে । সভাত বক্তব্য ৰাখি প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ পৰিচালন সম্পাদক খগেন শইকীয়াই নেতাজীৰ জন্মদিনটো “পৰাক্ৰম দিৱস” হিচাপে সকলো ভাৰতীয়কে পালন কৰিবলৈ আহ্বান জনায়।