Daily Time Axom

তামিলনাডু মন্দিৰৰ উৎসৱত ক্ৰেন ভাঙি মৃত্যু হয় ৪ জন লোকৰ

0 30

উৎসৱৰ মাজতে মৃত্যুৰ কিৰিলি।

তামিলনাডু মন্দিৰত এক উৎসৱত ক্ৰেন ভাঙি পৰাত নিহত হয় ৪জন লোকৰ। ক্ৰেনখন হঠাৎ ভাঙি পৰা ভিডিঅ’ এটাত দেখা গৈছে। স্থানীয় লোকৰ মতে, যোৱাকালি অৰ্থাৎ দেওবাৰে সন্ধিয়া সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। তামিলনাডুৰ দ্ৰৌপদী মন্দিৰত সংঘটিত এই ভয়ংকৰ ঘটনাত যথেষ্ট উত্তেজনাৰ সৃষ্টি হয়, স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে এই দুৰ্ঘটনাকলৈ। আৰক্ষীৰ সূত্ৰ অনুসৰি ৪ জনৰ মৃত্যুৰ উপৰিও ৫ জন লোক আহত হৈছে। চিকিৎসাধীন হৈ আছে।

প্ৰত্যক্ষদৰ্শীৰ মতে দেওবাৰে নিশা ৮.১৫ বজাত হঠাতে এখন ক্ৰেনখন খহি পৰে। সেই মুহূৰ্তত ক্ৰেনত ভগৱানৰ মূৰ্তি এটা আছিল। ভাইৰেল ভিডিঅ’টোত কেইবাজনো লোককো ক্ৰেনখনত দেখা গৈছিল। প্ৰাথমিক তদন্তৰ অন্তত ভাৰসাম্যহীনতাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.