Daily Time Axom

মন ভাঙিলে সহজে পাহৰি যাবলৈ কি কৰিব

0 72


আহি আছে সৰস্বতী পূজা।

এইটো যেন স্বঘোষিত প্ৰেম দিৱস। কেইসপ্তাহমানৰ পিছতে ভেলেণ্টাইন ডে’। ৰাজপথত মৰমিয়াল দম্পতীৰ ভিৰ হ’ব। ব্ৰেকআপ হোৱাৰ পিছত পূৰ্বৰ প্ৰেমক পাহৰাৰ আটাইতকৈ সহজ উপায় কি?

১. যদি শৰীৰত ঘাঁ থাকে তেন্তে ভাল হ’বলৈ সময় লাগে। ঠিক তেনেকৈ হৃদয় ভাঙিলেও ভাল হ’বলৈ সময় লাগিবই।

২. দিনটোত কিছু সময় নিজৰ লগত কটাওক। মনৰ মাজেত চলি থকা অনুভৱবোৰ লিখি থওক বা কাৰোবাৰ লগত কথা পাতক।

৩. সম্পৰ্কত থকাৰ সময়ত যিটোৰ পৰা আঁতৰি আছিল, তাৰ লগত সময় কটাওক। মনক সুখী কৰা কাম কৰক।

৪. , আপুনি আটাইতকৈ বেছি বিশ্বাস কৰা বন্ধু-বান্ধৱীৰ লগত আড্ডা মাৰক।

৫. আপোনাৰ প্ৰাক্তনৰ বাবে যিসকলৰ পৰা আঁতৰি আহিছিল তেওঁলোকৰ সৈতে পুনৰ সংযোগ স্থাপন কৰক। ভুল স্বীকাৰ কৰক।

৬. সময় দিয়ক পুৰণি ঘাঁবোৰ সময়ৰ লগে লগে ম্লান হোৱাটো নিশ্চিত।

৭. আপোনাৰ প্ৰাক্তনৰ সৈতে যোগাযোগ বা ফোনত কথা পতা এৰক। যোগাযোগ ৰাখিলে মনৰ পৰা মচি পেলাব নোৱাৰিব।

৮. আপোনাৰ প্ৰাক্তনৰ উপহাৰ, প্ৰিয় খাদ্য, প্ৰিয় ঠাই, সুখৰ স্মৃতিৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক।

৯. প্ৰয়োজন হ’লে অকলে খোজ কাঢ়িব। আপোনাৰ পছন্দ অনুসৰি ৰান্ধক। বজাৰ কৰিবলৈ যাওক মনটোক সুখী কৰি ৰাখিব পৰা কামত নিজকে নিয়োজিত কৰক।

১০. ছ’চিয়েল মিডিয়াত তেওঁক নিৰীক্ষণ কৰাটো এৰক। তেওঁ কি পোষ্ট কৰিছে, ক’লৈ গৈ আছে, কি কৰিছে সেই কথা জনাটো প্ৰয়োজনীয় নহয়।

১১. যদি আপুনি তিক্ততাৰ বাবে ব্ৰেকআপ কৰিবলৈ বাছি লয়, তেন্তে আপুনি পুনৰ সম্পৰ্কত প্ৰৱেশ কৰা উচিত নহয়।

১২. যদি আপুনি অকলশৰীয়া, তেন্তে নিসংগতাৰ পৰা মুক্তি পাবলৈ নতুন সম্পৰ্কত সোমোৱাই ভুল নকৰিব। পুৰণি ঘাঁবোৰ প্ৰথমে ভাল কৰক। নতুনকৈ আৰম্ভণি কৰক তাৰ পিছতহে নতুন সম্পৰ্কলৈ আহক।

১৩. আপোনাৰ প্ৰাক্তনৰ প্ৰতিশোধ ল’বলৈ চেষ্টা নকৰিব। নিজৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিলে আপোনাৰ অধিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

১৪. মনটো শান্ত হোৱা ঠাইত সময় কটাওক।

১৫. সেই সময়ত ফুৰিবলৈ যাওক। অকলে ভ্ৰমণ কৰিব পাৰে। কোনো দুঃসাহসিক অভিযানৰ লগত জড়িত হ’লে পুৰণি স্মৃতিবোৰ সহজেই পাহৰিব পাৰিব।

১৬. যদি আপোনাৰ আন চহৰত আত্মীয়, ঘনিষ্ঠ বন্ধু আছে তেন্তে তেওঁলোকক লগ কৰক।

১৭. এক্স জনে ক্ষমা খুজিবলৈ অপেক্ষা কৰা উচিত নহয়। তাৰ পৰিৱৰ্তে বিচ্ছেদ গ্ৰহণ কৰি আঁতৰি যাব লাগে।

১৮. থেৰাপী ল’ব পাৰে। যদি আপুনি সহজে পাহৰিব নোৱাৰে তেন্তে সৎ পৰামৰ্শ বিচাৰিলে মনোবিজ্ঞানীৰ লগত কথা পাতিব পাৰে।

Leave A Reply

Your email address will not be published.