আফগানিস্তানত ভয়াৱহ ঠাণ্ডাত ১২৪ জন লোকৰ মৃত্যু

আফগানিস্তানত বিগত ১৫ দিনত প্ৰচণ্ড ঠাণ্ডাৰ ফলত কমেও ১২৪ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰালয়ৰ মুখপাত্ৰই জনোৱা মতে, এদশকৰ ভিতৰত আটাইতকৈ ঠাণ্ডা শীতকালত প্ৰায় ৭০ হাজাৰ গৰুৰো মৃত্যু হৈছে।

তালিবানে আফগান মহিলাসকলক বেচৰকাৰী সংস্থাত কাম কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত যোৱা কেইটামান সপ্তাহত বহু সাহায্য সংস্থাই কাৰ্য্যকলাপ বন্ধ কৰি দিছে। তালিবানৰ এজন মন্ত্ৰীয়ে কয় যে অতি ঠাণ্ডাৰ অৱস্থাতো এই আদেশ সলনি কৰা নহ’ব।

দুৰ্যোগ ব্যৱস্থাপনাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী মোল্লা মহম্মদ আব্বাছ আখুন্দে বিবিচিক জনাইছে যে, ‘আফগানিস্তানৰ বহু অঞ্চল এতিয়া সম্পূৰ্ণৰূপে বৰফেৰে বিচ্ছিন্ন হৈ পৰিছে; উদ্ধাৰৰ বাবে সামৰিক হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছিল যদিও অতি পাহাৰীয়া অঞ্চলত অৱতৰণ কৰিব পৰা নাছিল। অৱশ্যে আগন্তুক ১০ দিনলৈ পূৰ্বাভাস অনুসৰি উষ্ণতা অধিক উষ্ণ হ’ব।

AssamDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment