গীত ,নৃত্যৰে মুখৰিত অসমী জাতীয় বিদ্যালয় ও চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সাংস্কৃতিক মঞ্চ।
দিনজোৰা কাৰ্যসূচীৰে আদৰণি আৰু আৰ্শীবাদৰ মুকলি সভাত উপস্থিত থাকে কেইবা গৰাকীও বিশিষ্ট ব্যক্তি।
আদৰণি ও আৰ্শীবাদ সভাত মূল্যবান ভাষণেৰে সকলো ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে বিশিষ্ট ব্যক্তি সকলে।
লগতে দশম শ্ৰেণীৰ বিদায়ী ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি এই বৰ্ষত হ’ব লগা মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰীৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰী ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাব পাৰিব বুলি আশা কৰিছে শিক্ষক শিক্ষয়িত্ৰীয়ে।
আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীত অনুষ্ঠানেৰে আজিৰ কাৰ্যসূচী সফল ভাবে সামৰণি পৰে।
জুৰীয়াৰ পৰা নাজিম উদ্দিনৰ ৰিপ’ৰ্ট।