Daily Time Axom

বিদ্যুৎ বিকল, সমগ্ৰ পাকিস্তান এতিয়া আন্ধাৰত

0 33

ৰাষ্ট্ৰীয় গ্ৰীডত এক বৃহৎ ব্যাঘাতৰ ফলত সোমবাৰে পুৱা স্থানীয় সময় অনুসৰি ৭:৩০ বজাত সমগ্ৰ পাকিস্তানত বিদ্যুৎ বিচ্ছিন্ন হয়।

দিনৰ শেষত দেশজুৰি আন্ধাৰ নামি আহে। ইয়াৰ ফলত কৰাচী, লাহোৰ, ইছলামবাগকে ধৰি প্ৰায়বোৰ ডাঙৰ চহৰতে ২২ কোটিৰো অধিক লোক ক্ষতিগ্ৰস্ত হয়। গোটেই ৰাতিটো আন্ধাৰত কটালে। কিছু অঞ্চলত বিদ্যুৎ পুনৰ ঘূৰাই অনা হৈছে যদিও দেশৰ অধিকাংশ অঞ্চল এতিয়াও অন্ধকাৰত।


সোমবাৰে নিশা পাকিস্তানৰ শক্তি মন্ত্ৰীয়ে এক সাক্ষাৎকাৰত কয় যে ৰাজধানী ইছলামবাদ আৰু বেলুচিস্তান প্ৰদেশত বিদ্যুৎ সংযোগ আৰম্ভ কৰা সম্ভৱ হৈছে। সমগ্ৰ দেশতে বিদ্যুৎ সংযোগ পুনৰ আৰম্ভ কৰাৰ বাবে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলে কাম কৰি আছে। দেশৰ শক্তি মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় গ্ৰীড বিজুতিৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে।

Leave A Reply

Your email address will not be published.