Daily Time Axom

সাত মাহ ধৰি ভাতৃদ্বয়ে ধৰ্ষণ কৰি গৰ্ভৱতী কৰা এগৰাকী ১১ বছৰীয়া কিশোৰীয়ে জন্ম দিলে সন্তান

0 99



৭ মাহ ধৰি অবিৰতভাৱে দলবদ্ধ ধৰ্ষণ চলাইছিল এগৰাকী ১১ বছৰীয়া কিশোৰীক। যাৰ বাবে তাই গৰ্ভৱতী হয়। আৰু শেষত সন্তান জন্ম দিবলৈ বাধ্য। গাজিয়াবাদৰ এই অমানৱীয় ঘটনাত দোষী সাব্যস্ত হোৱা দুই ভাতৃক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

আৰক্ষীৰ তথ্য অনুসৰি সোমবাৰে আদালতে দুই দোষী ভাতৃ প্ৰদীপ কুমাৰ (২১) আৰু দিলীপ কুমাৰ (১৯)ক শাস্তি ঘোষণা কৰে। দুয়োজনেই ঘৰত আছিল। অভিযোগ অনুসৰি যোৱা বছৰৰ ১৫ জানুৱাৰীৰ পৰা দুজন ব্যক্তিয়ে ছোৱালীজনীক যৌন নিৰ্যাতন আৰম্ভ কৰিছিল। প্ৰথমতে ছোৱালীজনীয়ে ভয়তে মুখ বন্ধ কৰি গোটেই ঘটনাটো সহ্য কৰিলে। আগষ্ট মাহৰ শেষ সপ্তাহলৈকে দুয়ো ভাতৃয়ে নিজৰ যৌন প্ৰয়োজনীয়তা পূৰণ কৰি থাকিল। অৱশেষত ৫ ছেপ্টেম্বৰত ছোৱালীজনীৰ মাতৃয়ে দুয়োৰে বিৰুদ্ধে থানাত এফআইআৰ দাখিল কৰে। তদন্তৰ অন্তত ২৭ ছেপ্টেম্বৰত আৰক্ষীয়ে অভিযুক্ত দুজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।

আৰক্ষীয়ে জনোৱা মতে, ছোৱালীজনীক দেখাৰ পিছতে মাতৃগৰাকী সন্দেহজনক হৈ পৰে। শাৰীৰিক পৰীক্ষাৰ অন্তত তেওঁ গম পায় যে তেওঁৰ ছোৱালীজনী গৰ্ভৱতী। POCSO আইনৰ অধীনত অভিযুক্ত দুজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়। যাৰ ভিত্তিত প্ৰদীপ আৰু দিলীপক গ্ৰেপ্তাৰ কৰা হয়। আদালতৰ গোচৰৰ সময়ত ছোৱালীজনীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। কিন্তু নৱজাতকৰ দায়িত্ব ল’বলৈ ভুক্তভোগীৰ পৰিয়ালে সন্মতি নিদিয়াৰ বাবে তেওঁক শিশু সুৰক্ষা সমিতিলৈ প্ৰেৰণ কৰা হয়।

১০৫ দিনৰ বিচাৰৰ অন্তত POCSO আদালতে অভিযুক্ত দুজনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে লগতে দোষীক ৫০ হাজাৰ টকা জৰিমনা বিহা হৈছে।

Leave A Reply

Your email address will not be published.