নিউজ ডেস্ক, ২৫ জানুৱাৰীঃ দক্ষিণ কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড। পলাশবাৰীৰ স্কিপাৰ লিমিটেড নামৰ কোম্পানীত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত জাহ গ’ল কোম্পানীটোৰ বহু সামগ্ৰী। অগ্নিনিৰ্বাপক বাহিনীৰ ৫খন গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। কি কাৰণত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ল সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।